ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীয়ে গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম, ডিজিটেল মঞ্চ আৰু জনসাধাৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে প্ৰতিৰক্ষা অভিযান নাইবা প্ৰতিৰক্ষা বাহিনীৰ গতিবিধিৰ সন্দৰ্ভত তথ্য নিৰ্ভৰ বাতৰিৰ প্রতিবেদন আকাৰে প্ৰস্তুত কৰাত বাধা আৰোপ কৰা হৈছে।

স্পৰ্শকাতৰ তথ্যৰ আগতীয়া প্ৰকাশৰ ফলত সুৰক্ষা বাহিনীৰ কাৰ্যকলাপ প্ৰভাৱান্বিত হোৱাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ বিপৰীতে দায়িত্বশীল বাতৰি সম্প্ৰচাৰৰ ওপৰত মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিছে। কাৰ্গিল যুদ্ধ, মুম্বাই আক্ৰমণ আৰু কান্দাহাৰত বিমান অপহৰণৰ দৰে ঘটনাৰ সময়ত বাতৰিৰ জৰিয়তে অনিয়ন্ত্রিত সম্প্ৰচাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছিল বুলিও মন্ত্রালয়ে উল্লেখ কৰে। কেবল, টেলিভিশ্বন নেটৱৰ্ক সংশোধনী নীতি অনুসৰিও সন্ত্রাসবাদ বিৰোধী অভিযানৰ পোনপতীয়া সম্প্ৰচাৰৰ কোনো কাৰ্যসূচী টেলিভিশ্বনযোগে সম্প্ৰচাৰ কৰিব পৰা নাযায়। মন্ত্ৰালয়ে লগতে সকলো টিভি চেনেলকে কেবল টিভি নেকৱৰ্ক আইন ২০২১ মানি চলাৰ পৰামৰ্শ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।