AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব মহছুৰে প্ৰকাশ কৰা মতে সামাজিক মাধ্যম আৰু মূলসুঁতিৰ সংবাদ মঞ্চৰ যোগেদি আৱামী লীগক সমৰ্থন কৰাৰ অভিযোগত আলমগীৰক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে অন্তৱৰ্তীকালীন চৰকাৰক অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ অধীনত নিজৰ দায়িত্ব পালন কৰিবলৈ কৈছে।
Site Admin | December 18, 2025 4:49 PM | Akashvani | Akashvani News | Bangladesh
সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান