ভাৰতে সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে সন্ত্রাসবাদী আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ মাজত থকা যোগসূত্ৰৰ কথা সমগ্ৰ বিশ্বই অৱগত। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই কথা জনসাধাৰণৰ মাজত অধিক স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে প্ৰতিখন দেশেই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ সকলো ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। শ্ৰীজয়ছৱালে কয় যে ব্ৰিকছ, এছ চি অ’ৰ দৰে বহুপাক্ষিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সবল জনমত গঠন হৈছে। তেওঁ কয় যে সুশীলা কাৰ্কীৰ নেতৃত্বত নেপালত নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ বাবে ভাৰতে শুভেচ্ছা জনাইছে। মুখপাত্ৰগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শ্ৰীমতী কাকীক শুভেচ্ছা জনাই দেশখনত শান্তি প্ৰৱৰ্তন আৰু সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতে সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলি অৱগত কৰিছে। দেশ দুখনৰ জনসাধাৰণৰ সমৃদ্ধি আৰু কল্যাণৰ বাবে ভাৰতে নেপালৰ সৈতে ঘনিষ্ট সম্পৰ্ক বৰ্তাই ৰাখিছে।
Site Admin | September 19, 2025 8:55 PM | Akashvani | Akashvani News
সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সঠিক আৰু সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্ববাসীক আহ্বান ভাৰতৰ