সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ বিভিন্ন ভূমিকা গ্ৰহণ

সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানে বিভিন্ন ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন সন্ত্রাসবাদী সংগঠনক বিত্তিয় সাহায্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সন্ত্ৰাসবাদী গোটৰ সৈতে দেশখনৰ পোনপটীয়া সম্পৰ্কৰ তথ্য-প্রমাণ পোৱা গৈছে। এটা ব্ৰিটিছ বাতৰি প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মহম্মদ আছিফে তিনি দশক ধৰি পাকিস্তানে সন্ত্রাসবাদী গোটক সমৰ্থন আগবঢ়াই অহাৰ কথাটো স্বীকাৰ কৰিছে। পেহেলগামত হোৱা শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ এনে স্বীকাৰোক্তিয়ে আঞ্চলিক স্থিৰতাৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকা সন্দৰ্ভত বহুতো প্রশ্ন উত্থাপিত হৈছে। সন্ত্রাসবাদী সংগঠনক আগবঢ়োৱা সমর্থনৰ বাবে পাকিস্তানৰ স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰকাশ পোৱাৰ লগতে দেশখন সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্রয়স্থল হিচাপে পৰিগণিত হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্ব সম্প্রদায়ে পাকিস্তানক বিভিন্ন ক্ষেত্ৰত কূটনৈতিকভাৱে অকলশৰীয়া কৰিছে। যোৱা মাহত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাৰ পাছত ভাৰতে পাক অধিকৃত কাশ্মীৰ তথা পাকিস্তানৰ ৯ টা সন্ত্ৰাসবাদী শিবিৰত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভয়ানক আক্রমণ চলায়। এই আক্ৰমণত বাহাৱালপুৰ, মুদিকেকে ধৰি লস্কৰ-ই-তৈবা তথা জৈইছ-ই-মহম্মদৰ দৰে সন্ত্ৰাসবাদী গোটসমূহৰ আশ্রয় স্থলসমূহ ধংস হৈছে। ছৌদি আৰব, সংযুক্ত আৰব আমীৰী ৰাষ্ট্ৰ তথা চীনকে ধৰি এতিয়ালৈ পাকিস্তানৰ মিত্ৰদেশ হিচাপে পৰিগণিত হৈ অহা দেশসমূহেও পাকিস্তানৰ পৰা দূৰত্ব অৱলম্বন কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী গোটসমূহৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ ওপৰত বিশেষভাৱে দৃষ্টিপাত কৰাৰ লগত পাকিস্তানে দক্ষিণ এছিয়াত কৌশলগত সমতা বজাই ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। গোলকীয় মঞ্চত পাকিস্তানৰ স্বৰূপ উদঙাই দিবলৈ ভাৰতে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে হাফিজ চৈয়িদ, জাকিউৰ ৰেহমান লাখভিকে ধৰি সন্ত্ৰাসবাদী কার্যকলাপত জড়িত পাকিস্তানৰ বহু লোক তথা লস্কৰ-ই-তৈবা আৰু জামাত-উদ-দাৱাৰ দৰে বহু সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে পাকিস্তানৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।