সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু হৈছে। ৫১ জনীয়া দলটোক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৭ টা গোটত ভাগ কৰি প্ৰতিটো গোট কোন কোন দেশলৈ যাব, তাৰ তালিকা প্রকাশ কৰিছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা অনুসৰি ৭ টা দলক – বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা, ৰবিশংকৰ প্ৰসাদ, জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা, শিৱসেনাৰ সাংসদ শ্রীকান্ত একনাথ সিন্দে, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, ডি এম কেৰ সাংসদ কানিমুঝি আৰু এন চি পি শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া ছুলেই নেতৃত্ব দিব। ৭টা গোটৰ প্ৰতিনিধি দলটোত অসমৰ দুগৰাকীকৈ সাংসদ অন্তৰ্ভুক্ত হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে নেতৃত্ব দিবলগীয়া দলটোত অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা অন্তৰ্ভুক্ত হৈছে। শশী থাৰুৰ নেতৃত্বত ৯ জনীয়া এই গোটটোৱে আমেৰিকা, পানামা, গুয়ানা, ব্রাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। একেদৰে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝায়ে নেতৃত্ব দিবলগীয়া ৯জনীয়া সাংসদৰ প্ৰতিনিধিৰ দলটোত অসমৰ বিজেপি সাংসদ প্ৰদান বৰুৱা অন্তৰ্ভুক্ত হৈছে। এই গোটটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। সাংসদৰ সৰ্বদলীয় দলৰ ৭টা গোটে ৩ জুনত যাত্ৰা আৰম্ভ কৰিব।
Site Admin | May 18, 2025 6:58 PM | government’s policy of Zero Tolerance Against Terrorism
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু