সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্দূৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। সর্বদলীয় প্রতিনিধিদলত অন্তৰ্ভুক্ত সাংসদসকলৰ বিষয়ে সদৰী কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্রথম দলটোৱে চৌডি আৰব, বাহৰেন, কুৱেৰ্ট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এই প্রতিনিধি দলটোত বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেইছিকো অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে নেতৃত্বত দ্বিতীয়টো দল ব্রিটেইন, ফ্রান্স, জার্মানী, ইউৰোপীয় সংঘ, ইটালী আৰু ডেনমার্কলৈ যাব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত তৃতীয়টো দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব। এই দলটোত তৃণমূল কংগ্ৰেছৰ ইউছুফ পাঠান আৰু চি পি আই এমৰ জন ব্ৰিটাছক অন্তৰ্ভুক্ত কৰা হৈছে। শিৱসেনাৰ সাংসদ শ্রীকান্ত একনাথ সিন্দে নেতৃত্বাধীন চতুৰ্থটো দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ই, লাইবেৰিয়া, কংগো আৰু ছিয়েৰা লিঅ’নলৈ যাব। এই দলটোত বিজেপিৰ বাঙ্গুৰী স্বৰাজ আৰু বিজেডিৰ সস্মিত পাত্ৰক অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত পঞ্চমটো দলে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্রাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। ডি এম কেৰ সাংসদ কাণিমড়ি কৰুনানিধিৰ নেতৃত্বত ষষ্ঠটো দল স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়ালৈ যাব। এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া সুলে নেতৃত্বাধীন সপ্তমটো গোট ইজিপ্ত, কাটাৰ, ইথিঅ’পিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব। বিজেপিৰ ৰাজীৱ প্ৰতাপ ৰুণ্ডী আৰু অনুৰাগ সিং ঠাকুৰৰ লগতে কংগ্ৰেছ সাংসদ মনিষ তিৱাৰীকো এই গোটটোত অন্তৰ্ভুক্ত কৰা হৈছে।
Site Admin | May 18, 2025 11:10 AM | government’s policy of Zero Tolerance Against Terrorism
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলৰ বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহলৈ যাত্ৰা