ডাউনলোড
মোবাইল এপ

android apple
signal

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই সদৰি কৰে। গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়াত গুৰুত্ব আৰোপ কৰি সন্ত্ৰাসবাদ আৰু অপৰাধীৰ মাজৰ সম্পৰ্ক ভাঙি দিয়াৰো পোষকতা কৰে। সন্ত্ৰাসবাদৰ বিত্তীয় ব্যৱস্থাৰ পৰ্যালোচনা কৰি শ্ৰীশ্বাহে সংস্থাসমূহক বিত্তীয় অনিয়মৰ দিশটো বিশ্লেষণ কৰি সন্ত্ৰাসবাদৰ আৰ্হি উন্মোচন কৰিবলৈ নিৰ্দেশ দিয়ে। সন্ত্ৰাসবাদী নেটৱৰ্কৰ যোগাযোগ ব্যৱস্থা প্ৰতিহত কৰিবলৈ সমগ্ৰ অংশীদাৰ সকলৰ এখন মঞ্চ গঠন কৰিবলৈ তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ক আহ্বান জনায়। এইক্ষেত্ৰত আৰক্ষীয়ে সংস্থাসমূহে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈও মন্ত্ৰ্যালয়ৰ প্ৰতি তেওঁ আহ্বান জনায়। সন্মিলনৰ প্ৰথম দিনা কালি দেশৰ স্বাৰ্থৰ ক্ষেত্ৰত পৰিপন্থী ভূমিকা গ্ৰহণ কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ বাণিজ্যিৰ বাবে ঘৰুৱা সংযোগ ব্যৱহাৰ তথা বেআইনীভাৱে যোগাযোগৰ এপসমূহ আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আদিৰ সন্দৰ্ভত আলোকপাত কৰা হয়। সন্মিলনৰ আজি দ্বিতীয় দিনা অসামৰিক বিমান সেৱা আৰু বন্দৰ নিৰাপত্তা, প্ৰতি সন্ত্রাসবাদ, বাওঁ উগ্রবাদ তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ ক্ষেত্ৰত প্ৰতি ব্যৱস্থা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক