ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিতঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আন্তৰাষ্ট্ৰীয় সমুদায়ক আহ্বান জনাইছে। আয়াৰলেণ্ডৰ কৰ্কৰ আহাকিস্তাত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণৰ ঘটনাৰ চাৰিটা দশক পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীপুৰীয়ে কয় যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিত। শ্ৰীপুৰীয়ে কয যে, এয়া কেৱল এটা দুৰ্ঘটনা নহয় বৰং ভাৰতক পৃথক কৰাৰ বাবে ইচ্ছাকৃতভাৱে কৰা এটা অতি বৰ্বৰ কাৰ্য। সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ পূৰ্বৰ সমস্যা নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বর্তমান সময়ত এনে ভাবুকিয়ে সমগ্ৰ বিশ্বৰে নিৰ্দোষী জনসাধাৰণৰ জীৱন বিপদাপন্ন কৰি তুলিছে। তেওঁ লগতে কয়, যে ভাৰতে দশকজুৰি জম্মু-কাশ্মীৰ, পাঞ্জাব, মুম্বাইকে ধৰি বিভিন্ন অংশত সন্ত্ৰাসবাদৰ পৰিণাম ভূগি আহিছে।
শ্ৰীপুৰীয়ে সন্ত্ৰাসবাদ প্রতিহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ সৈতে একত্ৰিত হ’বলৈ কানাডা চৰকাৰক আহ্বান জনাই কয়, যে কানাডা হৈছে এখন গুৰুত্বপূৰ্ণ অংশীদাৰ তথা মিত্র দেশ। তেওঁ দুয়োখন ৰাষ্ট্রকে এইক্ষেত্ৰত গভীৰ সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নেতৃত্বত ৮ জনীয়া ভাৰতীয় প্ৰতিনিধিৰ এটা দলে কনিস্ক বোমা বিস্ফোৰণত নিহত লোকসকলৰ প্ৰতি আয়াৰলেণ্ডৰ আহকিষ্টা মেম’ৰিয়েলত শ্ৰদ্ধা জ্ঞাপন কৰে। আয়াৰলেণ্ডৰ প্ৰধানমন্ত্রী মিখাইল মার্টিন আৰু কানাডাৰ ৰাজহুৱা সেৱা দপ্তৰৰ মন্ত্ৰী গেৰী আনন্দসাংগেৰীয়েও নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে ১৯৮৫ চনৰ আজিৰ তাৰিখতে কানাডাৰ মণ্টিল চহৰৰ পৰা লণ্ডন হৈ নতুন দিল্লীলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ 182 বিমানখন আলাণ্টিক মহাসাগৰৰ ওপৰত মাজ আকাশত বিস্ফোৰিত হৈছিল। কানাডাস্থিত খালিস্তানী উগ্ৰপন্থীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণত ৮০ টা শিশুসহ ৩২৯ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। বিমানখনত কানাডা আৰু অন্য বহুদেশৰ লগতে অধিকাংশ যাত্রী ভাৰতৰ আছিল৷