ডাউনলোড
মোবাইল এপ

android apple
signal

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিগত চাৰিটা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, যে চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতে অত্যন্ত ইতিবাচক ভূমিকা পালন কৰিছে৷ শ্ৰী মোদীয়ে কয়, যে এই সংস্থাৰ বাবে ভাৰতৰ লক্ষ্য আৰু নীতি তিনিটা গুৰুত্বপূৰ্ণ স্তম্ভৰ ওপৰত আধাৰিত আৰু সেয়া হ’ল – নিৰাপত্তা, যোগাযোগ আৰু সুযোগ-সুবিধা। প্রধানমন্ত্ৰীয়ে এই সন্মিলনৰ সময়ছোৱাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুৰ্টিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙৰ সৈতে দৃষ্টিভংগী আৰু মতামত বিনিময় কৰে। প্রধানমন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বার্তালাপ সদায়ে অন্তর্দৃষ্টিসম্পন্ন বুলি মন্তব্য কৰে। শ্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি ঝিনপিঙেও কালি ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পর্ক পুনৰ উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে দ্বিপাক্ষিক সম্পর্ক অটুট ৰখাৰ বাবে দুয়োখন দেশৰ মাজৰ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সীমান্তত শান্তি আৰু স্থিৰতা বজাই ৰখাতো ভাৰত-চীন সম্পৰ্কৰ বাবে এটা বীমা নীতিৰ দৰে বুলি প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক স্পষ্ট কৰি দিয়ে। বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে ২০২০ চনৰ জুনত গলৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজৰ সংঘৰ্ষক লৈ সৃষ্টি হোৱা উত্তেজনামূলক পৰিস্থিতিৰ পাছত বিগত মাহ কেইটাত দুয়োখন দেশে সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। শ্বি ঝিনপিঙৰ সৈতে হোৱা এই আলোচনাত শ্রীমোদীয়ে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ইয়াক প্রতিহত কৰাৰ বাবে পাৰস্পৰিক সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু চীনৰ মাজত থকা মতভেদসমূহ বিবাদত পৰিণত হোৱা উচিত নহয় বুলি দোহাৰে। তেওঁলোকে লগতে চলিত মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ বিশেষ প্ৰতিনিধিৰ আলোচনাৰ অন্তত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহমত প্ৰকাশ কৰি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই কৈলাশ-মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰা আৰু এই ক্ষেত্ৰত পৰ্যটক ভিছাৰ ব্যৱস্থা কৰাৰ ওপৰতোগুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় আৰু প্ৰত্যাহ্বানসমূহ বিশেষকৈ সন্ত্রাসবাদ আৰু মুক্ত বাণিজ্যৰ ক্ষেত্ৰত বহুপাক্ষিক মঞ্চৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্রধানমন্ত্ৰী মোদীয়ে আজি চীনৰ তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ পূৰ্ণাংগ সত্ৰত ভাষণ দিব। বিদেশ সচিব বিক্রম মিশ্রিয়ে তিয়ানজিনৰ সংবাদদাতাক জনোৱা মতে, শ্রীমোদীয়ে তেওঁৰ ভাষণত আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য আগবঢ়াব।