কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশত সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত পোষকতা কৰিছে। তেওঁ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দুদিনীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মুকলি কৰি শ্ৰী শ্বাহে কালি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তুলিলে এই সকলে পৰ্যায়ত সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰা সহায় কৰিব।
Site Admin | December 27, 2025 7:18 PM | Akashvani | Akashvani News | Amit Shah
সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত গৃহমন্ত্রী অমিত শ্বাহৰ পোষকতা