ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 15, 2024 8:06 PM | India-French

printer

সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ নতুন দিল্লীত ষষ্ঠদশ বৈঠক

নতুন দিল্লীত আজি সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ ষষ্ঠদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা নতুন আৰু উন্নত প্রযুক্তি, সন্ত্রাসবাদী কাৰ্য্য-কলাপৰ বাবে ইন্টাৰনেটৰ অপ-ব্যৱহাৰ, মৌলবাদ তথা সন্ত্রাসবাদী গোটক বিত্তৰ যোগান আদিকে ধৰি সন্ত্ৰাসবাদ প্রতিহত কৰাৰ প্ৰত্যাহ্বানসমূহৰ মূল্যায়ণ কৰা হয়। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, দুয়ো পক্ষই লগতে নিজ নিজ অঞ্চলত সন্ত্রাসবাদৰ ভাবুকি সন্দৰ্ভতো মত বিনিময় কৰে। বিদেশ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব কে ডি দেৱালে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী আৰু সংগঠিত অপৰাধৰ বিশেষ ৰাষ্ট্রদূত অলিভিয়াৰ কেৰণে ফ্ৰান্সৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে। দুয়োপক্ষই লগতে তথ্যৰ আদান-প্রদান, ক্ষমতা বিকাশ, প্রশিক্ষণ কাৰ্য্যসূচী তথা অনুশীলন আৰু বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে সন্ত্রাসবাদ বিৰোধী অভিযান শক্তিশালীকৰণৰ প্ৰয়োজন সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে ।