চৰকাৰে সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে দোহাৰিছে। নতুন দিল্লীত আজি পলাতক অপৰাধীৰ প্ৰত্যর্পণ প্রত্যাহ্বান আৰু ৰণ কৌশল সম্পর্কীয় এখন সম্মিলন মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সকলো অপৰাধীকে আইনৰ আওতালৈ অনাৰ বাবে দেশত এটা শক্তিশালী ব্যবস্থা বিকশাই তোলা হৈছে। তেওঁ কয়, যে প্ৰতিগৰাকী পলাতক অপৰাধীৰ সৈতে ক্ষমাহীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত আৰু তেওঁলোকক দেশৰ ন্যায় ব্যৱস্থাৰ সন্মুখলৈ অনা উচিত। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সীমান্তৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে আইনৰ শাসন সুদৃঢ় কৰাৰ দিশে অগ্ৰসৰ হৈছে। চৰকাৰে ২০১৮ চনত পলাতক অর্থনৈতিক অপৰাধী আইন বলবৎ কৰিছে আৰু এই আইনৰ অধীনত কর্তৃপক্ষসমূহক পলাতক অপৰাধীসকলৰ দেশত থকা সম্পত্তি জব্দ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলি শ্রীশ্বাহে মন্তব্য কৰে। তেওঁ কয়, যে এই আইন প্রণয়নৰ মাত্র ৪ বছৰৰ ভিতৰত ২০০ কোটি ডলাৰৰো অধিক ধন উদ্ধাৰ কৰা হৈছে। দেশত কালা ধন বৈধকৰণ প্ৰতিৰোধী আইনসমূহ শক্তিশালী কৰা হৈছে বুলি উল্লেখ কৰি শ্রীশ্বাহে কয়, যে এনে আইনৰ বাবেই ২০১৪ৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰায় এহেজাৰ ২০০ কোটি ডলাৰৰ সম্পত্তি জব্দ কৰিব পৰা গৈছে।
Site Admin | October 16, 2025 8:06 PM | HM Meet
সন্ত্রাসবাদ, অপৰাধ আৰু দুর্নীতিৰ প্ৰতি চৰকাৰে শূণ্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে : অমিত শ্বাহ
