ভাৰতত সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় বুলি সন্ত্রাসবাদী সংগঠনলৈ পুঁজি যোগানৰ ঘটনা নিৰীক্ষণৰ বাবে থকা গোলকীয় সংস্থা বিত্তীয় কার্যবাহিনী এফ এ টি এফ-এ প্রকাশ কৰিছে। জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণ আৰু উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণত এই কথা পোহৰলৈ আহিছে। এফ এ টি এফ-এ সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগান সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদনত সন্ত্ৰাসবাদীলৈ পুঁজি যোগানৰ বাবে সামাজিক মাধ্যম, বাৰ্তা প্ৰেৰণৰ এপ আৰু পুঁজি সংগ্ৰহৰ ছাইটসমূহৰ অপব্যৱহাৰ কৰা হৈছে বুলি কোৱা হৈছে। প্ৰত্যক্ষ বিত্তীয় সহায়, ৰছদপাতি যোগান আৰু সা-সামগ্ৰী যোগান আৰু প্ৰশিক্ষণ ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভিন ভিন ধৰণে সহায় আগবঢ়োৱা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ২০১৯ চনত সংঘটিত পুলৱামা আক্ৰমণৰ সময়ত এগৰাকী আত্মঘাটী বোমাৰুৱে সুৰক্ষা বাহিনীক লক্ষ্য কৰি লৈছিল আৰু এই আক্ৰমণত ৪০গৰাকী সৈনিক নিহত হৈছিল। জইছ-ই-মহম্মদে এই আক্ৰমণৰ ষড়যন্ত্ৰ কৰা বুলি তদন্তত প্ৰকাশ পাইছিল। এই আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সঁজুলিৰ এটা গুৰুত্বপূৰ্ণ উপাদান ই-বাণিজ্যিক মঞ্চৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। যোৱা জুনত বিত্তীয় কার্যবাহিনীয়ে পেহেলগাম সন্ত্রাসবাদী আক্রমণক গৰিহণা দি বিত্তীয় সাহায্য অবিহনে এনে ধৰণৰ আক্ৰমণ সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছিল।
Site Admin | July 9, 2025 2:32 PM | FATF
সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় : এফ এ টি এফ
