সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ট মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পাছত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বশিষ্ঠ নদীৰ পাৰত অবৈধ দখলসমূহ বেদখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে নৈখনৰ সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।