November 25, 2025 9:58 PM | Assam Assembly

printer

সদনত ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল

অসম চৰকাৰে ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ তদন্তৰ বাবে গঠন কৰা তিৱাৰী আয়োগ আৰু বেচৰকাৰীভাবে গঠন হোৱা মেহতা আয়োগৰ প্ৰতিবেদন দুখন বিধানসভাত আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰে। বিধানসভাৰ বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু শ্বেৰমান আলী আহমেদে বিধানসভাৰ উপাধ্যক্ষক বেয়া ব্যৱহাৰ কৰি বক্তব্য ৰখাৰ বাবে দোষী সাব্যস্ত কৰি এই শীতকালীন অধিবেশনৰ বাকী দিন কেইটাৰ কাৰণে তেওঁলোকক বৰ্খাস্ত কৰে। এই সন্দৰ্ভত কংগ্ৰেছে প্ৰতিবাদ কৰি কয়, যে বিশেষাধিকাৰ সমিতিয়ে কোনো তথ্য প্রমাণ নোহোৱাকৈয়ে বিধায়ক নুৰুল হুদাক দোষী সাব্যস্ত কৰাটো দলে মানি নলয় আৰু অধ্যক্ষক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।