সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থলঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি সদৌ অসম সত্র মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে সত্ৰ, নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ ১,২০০তকৈ অধিক সত্র আৰু ৪ হাজাৰৰো অধিক নামঘৰে ভক্তি, পৰম্পৰা, অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি, পৰম্পৰা তথা নৃত্য-গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰে। সত্ৰীয়া নৃত্যৰ ৰাষ্ট্রীয় স্বীকৃতি লাভৰ ২৫ বছৰ সম্পূর্ণ হোৱা উপলক্ষে সত্ৰ মহাসভাই আয়োজন কৰা এই অনুষ্ঠানত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱগোস্বামীকে ধৰি অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ইয়াৰ পূৰ্বে আজি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰি প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জীয়াঢল নৈৰ মথাউৰি আৰু শুইছ গে’ট পৰিদৰ্শন কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহক লৈ সন্তুষ্টি প্রকাশ কৰি সাংবাদিকৰ আগত এইদৰে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।