ৰাষ্ট্ৰীয় বিদ্যালয় সুৰক্ষা নীতি, ২০১৬ৰ অংশ হিচাপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজ্যৰ ৩৫ খন জিলাৰ এহেজাৰ ৯৩৬ খন বিদ্যালয়ত দুর্যোগ প্রস্তুতি আৰু এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মকড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাৰ ৮৭ খন বিদ্যালয়ত এই কার্যসূচী সফলতাৰে সম্পন্ন কৰা হয়। জিলাখনৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত জিলা আয়ুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰকল্প বিষয়া, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ক্ষেত্র বিষয়া, অগ্নি নির্বাপক আৰু জৰুৰী সেৱা বিভাগৰ কৰ্মচাৰী তথা স্কাউট আৰু গাইডৰ সদস্যসকলে অংশগ্রহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ১৫৪ খন বিদ্যালয়ত এই প্রস্তুতিমূলক অনুশীলন অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰো ৩৫ খন বিদ্যালয়ত ভূমিকম্পকে ধৰি আন দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুশীলন কৰোৱা হয়। তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে দুৰ্যোগৰ সময়ত আৰু ইয়াৰ পাছত ল’বলগীয়া সাৱধানতা বিষয়ক মকড্রিল কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ ৩৮ খন বিদ্যালয়ত ভূমিকম্প আৰু অগ্নি সুৰক্ষা বিষয়ক মকড্রিল সফলভাৱে সম্পন্ন হয়। প্রায় ১৯ হাজাৰ ৫০০ শিক্ষার্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে শংকৰ- মাধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ উদ্বোধন কৰে। শিক্ষার্থী তথা শিক্ষকসকলক দুৰ্যোগৰ সময়ত সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ প্ৰশিক্ষণ দিয়া হয়। গুৱাহাটী মহানগৰীৰ ১০ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক ভূমিকম্প, অগ্নিকাণ্ডকে ধৰি আন আন দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত অনুশীলন কৰোৱা হয়। শোণিতপুৰ জিলাৰ ২৫ খন, হোজাই জিলাৰ ৮৭ খন, শ্রীভূমি জিলাৰ ৪০ খন বিদ্যালয়তো মকড্রিল কাৰ্যসূচী অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে ১৯৫০ চনৰ বৰভূঁইকঁপৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিছেফ, অসমৰ সহযোগত এই মকড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰে।
Site Admin | October 29, 2025 8:22 PM | Mockdril
সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ মকড্রিল কাৰ্যসূচী