উত্তৰ প্ৰদেশ চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ সময়ছোৱাত এতিয়ালৈ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰিছে। অহা দুসপ্তাহত চৈত্ৰ নৱৰাত্ৰি, ৰাম নৱমী, ঈদ-উল-ফিটৰ বৈশাখী আদি গুৰুত্বপূৰ্ণ উৎসৱ পালন কৰা হ’ব। উৎসৱসমূহৰ পূৰ্বে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এয়া অতি স্পৰ্শকাতৰ সময় আৰু এই সময়ছোৱাত অসুবিধাৰ সৃষ্টি লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হ’ব। উৎসৱৰ সময়ছোৱাত বিভিন্ন স্থানত শোভাযাত্ৰা উলিওৱাৰ লগতে মেলাও অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেঁও কয়, যে এই সময়ছোৱাত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হ’ব।
Site Admin | March 24, 2025 11:19 AM | Jogi Adityanath
সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ উৎসৱসমূহ শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে : যোগী আদিত্যনাথ
