July 13, 2025 9:28 PM | Rail CC Camera

printer

সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ ৰে’ল বিভাগৰ

ৰে’ল বিভাগে যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে সকলো দবাতে চিচি টিভি কেমেৰা লগোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰে’ল ৰাজ্য মন্ত্ৰী ৰৱনিত সিং বিট্টুৱে ইঞ্জিন আৰু দবাত চিচি টিভি কেমেৰা স্থাপনৰ অগ্ৰগতিৰ বিষয়ে পৰ্য্যালোচনা কৰে। এই দবাসমূহত যাত্ৰীৰ উমৈহতীয়া আহ-জাহৰ স্থানত কেমেৰা স্থাপনেৰে সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰিব বিচৰা হৈছে। এই ব্যৱস্থাই দুর্বৃত্তক চিনাক্ত কৰাত সহায় কৰিব। যাত্ৰীৰ গোপনীয়তা ৰক্ষাৰ বাবে চিচি টিভি কেমেৰাসমূহ দুৱাৰৰ ওচৰৰ উমৈহতীয়া স্থানত স্থাপন কৰা হৈছে। শ্রীবৈষ্ণৱে ৭৪ হাজাৰ দবা আৰু ১৫ হাজাৰ ইঞ্জিনত চিচি টিভি কেমেৰা স্থাপনত অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত উন্নত মানৰ কেমেৰা স্থাপনত গুৰুত্ব আৰোপ কৰিছে। ঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগেৰে চলা ৰে’ল আৰু কম পোহৰতো যাতে উন্নত মানৰ দৃশ্যাংশ লাভ কৰিব পাৰি, সেই কথাত গুৰুত্ব আৰোপ কৰিবলৈ বিভাগটোৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। শ্রীবৈষ্ণৱে লগতে ইণ্ডিয়া এ আই মিছনৰ সৈতে সহযোগিতাৰে চিচি টিভি কেমেৰাত বন্দী হোৱা তথ্যৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ দিশটোৰ অন্বেষণ কৰিবলৈ বিষয়াসকলক আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।