ডাউনলোড
মোবাইল এপ

android apple
signal

December 27, 2024 6:12 PM | Pratima Pandey Award

printer

সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য সমন্বিতে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে শ্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে- প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী স্মাৰক, পাটৰ চেলেং চাদৰ, গামোচা, এড়ি চোলা, সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। প্ৰতিমা বৰুৱা পাণ্ডেৰ দ্বাবিংশতিতম স্মৃতি দিৱসৰ আজিৰ এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চু আৰু আন ভাল সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখযোগ্য যে সোণোৱাল কছাৰী সমাজৰ লোক সংস্কৃতিক প্ৰসাৰ আৰু প্ৰচাৰেৰে সমৃদ্ধ কৰাৰ স্বীকৃতি স্বৰূপে ডিব্ৰুগড়ৰ টিংখঙৰ দুৰ্গেশ্বৰ সোণোৱালক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হৈছে।