সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আজি পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য্য যতীন গোস্বামীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্রোন ভূঞাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গ্ৰীষ্মকালীন কৰ্মশালাৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়ৰ ভিন ভিন কৰ্মশালাৰ আয়োজন কৰিছিল। এই অনুসৰি হেঙেৰাবাৰী হাইস্কুলত সাধু কথা কোৱা কৰ্মশালা, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা, অনুষা কলাকেন্দ্ৰত গোৱালপাৰা লোকগীতৰ কৰ্মশালা, উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত-শুকনানি মহিলা ওজাপালি কর্মশালা, অনুসূয়া ডান্স একাডেমীত বড়ো লোক নৃত্য আৰু বসুন্ধৰা কলাকেন্দ্ৰত বৰগীতৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাত মুঠ ৩৫৯ গৰাকী ছাত্র –ছাত্রীয়ে প্রশিক্ষণ গ্রহণ কৰে। আজিৰ সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়।
Site Admin | August 3, 2025 6:45 PM | Sanskar Bharati North Assam
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি
