ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। ৩৯ জনীয়া সদস্যে গঠিত এই সমিতিখনত লোকসভাৰ ২৭ গৰাকী আৰু ১২ গৰাকী সদস্য আছে। সংবিধানৰ ১২৯ সংখ্যক সংশোধনী আইন২০২৪ আৰু স্বায়ত্ব শাসিত সংশোধনী আইন ২০২৪ ৰ ব্যপক পৰীক্ষণৰ বাবে এই বৈঠক অনুষ্ঠিত হয়। দেশত একে সময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সংসদৰ এই যুটীয়া বৈঠকে আলোচনা অনুষ্ঠিত কৰি আহিছে। বিজেপিৰ সাংসদ পি পি চৌধাৰীৰ নেতৃত্বত গঠিত পেনেলত আইন বিশেষজ্ঞৰ সহায়ত পৰামৰ্শ গ্ৰহণ কৰা হৈছে। এই বৈঠকতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জগদীশ সিং খেহাৰে দেশত একেসময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা বিষয় সন্দৰ্ভত সমিতিৰ আগত নিজৰ বক্তৃতা ৰাখিব। বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰ, কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী ভদ্রা, সমাজবাদী দলৰ ধৰ্মেন্দ্ৰ যাদৱৰ লগতে অন্যান্য সদস্যসকলেও বৈঠকত অংশগ্ৰহণ কৰিব। একে সময়তে দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা ধাৰণাটো দেশত নতুন নহয়। সংবিধান গৃহীত হোৱাৰে পৰা লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে একে সময়তে অনুষ্ঠিত হৈ আহিছিল । কিন্তু ১৯৬৮ আৰু ১৯৬৯ চনত কেইখনমান ৰাজ্যৰ বিধানসভাৰ কাৰ্য্যকাল আগতীয়াকৈ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী পৰাম্পৰাৰ এই ধাৰা ব্যাহত হয়।