সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি মুম্বাইত আৰম্ভ হ‘ব। এই সন্মিলনত প্ৰশাসনৰ দক্ষতা আৰু অৰ্থনৈতিক নিশ্চিতিৰ বাবে আনুমানিক বাজেটৰ পৰ্যালোচনা তথা এই দিশসমূহ চোৱাচিতা কৰাৰ ক্ষেত্ৰত সমিতিসমূহৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ‘ব। এই সমিতিৰ কাৰ্যকৰীকৰণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ এই সন্মিলনত উপস্থিত থাকিব। ইয়াৰোপৰি সংসদ তথা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত বিধান পৰিষদৰ অনুমান সমিতিসমূহৰ অধ্যক্ষ আৰু সদস্যসকলেও সন্মিলনত ভাগ ল‘ব।
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰ, মহাৰাষ্ট্ৰ বিধান পৰিষদৰ অধ্যক্ষ প্ৰফেচাৰ ৰামচন্দ্ৰ সিন্দে, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকৰ আৰু সংসদৰ অনুমান সমিতিৰ অধ্যক্ষ ড০ সঞ্জয় জয়ছোৱালো সন্মিলনৰ উদ্বোধনী সত্ৰত উপস্থিত থাকিব।