সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ’ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ভাৰতৰ অৰ্থনৈতিক বিকাশ এতিয়া উল্লেখনীয় শিখৰলৈ উন্নীত হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে এই গতিয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰদান কৰিব।
প্রধানমন্ত্রী মোদীয়ে শীতকালীন অধিৱেশনত ফলপ্রসূ আলোচনাত ভাগ ল’বলৈ সকলো দলকে আহ্বান জনায়। তেওঁ লগতে সংসদৰ সদস্যসকলে নতুন প্ৰজন্মৰ যুৱ সদস্যসকলক সুযোগ দিয়া উচিত বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প’ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ’ব।
Site Admin | December 1, 2025 12:42 PM | narendra modi | Parliament Session | PMO Modi | Sansad TV
সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী