ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব

অহা ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হ’বলগীয়া সংসদৰ শীতকালীন অধিবেশনত চৰকাৰী নীতি, জনসাধাৰণৰ সমস্যা আৰু সংসদীয় কার্যক্রমণিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। কোহিমাত আজি বিয়লি কমনৱেল্থ সংসদীয় সংস্থাৰ ২২ সংখ্যক সন্মিলনত ভাগ লৈ সংবাদ মাধ্যমৰ আগত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইকথা প্ৰকাশ কৰে। শ্ৰীবিলাই সংসদৰ মৰ্যাদা আৰু নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংসদক গণতন্ত্ৰৰ মন্দিৰ হিচাপে আখ্যা দি কয় যে ইয়াৰ আলোচনা তথা গঠনমূলক বিতৰ্কত জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হোৱা আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা উচিত। ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে এটা যুটীয়া সংসদীয় সমিতি গঠন কৰা হৈছে আৰু এই সমিতিয়ে এই সন্দৰ্ভত সবিশেষ অৱগত কৰিব। তেওঁ ৰাজনৈতিক দলসমূহক সমিতিৰ আলোচনাত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ সৱলীকৰণৰ সন্দৰ্ভত শ্ৰীবিৰলাই সংসদ আৰু ৰাজ্যৰ বিধানসভা সমূহৰ মাজত নিকট সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে প্রশাসনিক কাম-কাজ স্বচ্ছতাৰে ৰূপায়ণ কৰিব পৰা যায়। তেওঁ জনসাধাৰণক চৰকাৰী কাম-কাজসমূহৰ অধিক ওচৰ চপাই নিয়াৰ বাবে ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, ইতিমধ্যে ভালেমান ৰাজ্যতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ গণতন্ত্ৰক জীৱন্ত গণতন্ত্ৰ হিচাপে আখ্যা দি তেওঁ কয় যে জনসাধাৰণৰ বাবে প্ৰশাসনক অধিক ওচৰ চপাই নিয়াৰ বাবে মুকলি আলোচনা, বিধায়কসকলৰ সামৰ্থ বৃদ্ধি কৰা উচিত। এই সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এনে ধৰণৰ মঞ্চই বিধায়ক আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলৰ মাজত বিধানসভাসমূহৰ কাম-কাজৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱন তথা উন্নত কাৰ্যকৌশলৰ আদান প্ৰদানৰ সুবিধা প্ৰদান কৰে। তেওঁ এনে ধৰণৰ কাৰ্যসূচীয়ে গণতান্ত্ৰিক প্রতিষ্ঠানসমূহক সৱল তথা বিধানসভাৰ কাৰ্যসূচীসমূহ অধিক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত ব্যাপক সহযোগিতাৰ পৰিবেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।