ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱনত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। সংসদৰ উভয় সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰি চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছিল। লোকসভা আৰু ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাত সদনৰ নেতা জগত প্ৰকাশ নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ড° এল মুৰুগানে বৈঠকত অংশ লয়। তদুপৰি কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু প্ৰমোদ তিৱাৰী, এন চি পি-এছ চি পিৰ সুপ্রিয়া চুলে, ডি এম কেৰ তিৰুচি শিৱা আৰু টি আৰ বালু, আপৰ সঞ্জয় সিং আৰু সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ বৈঠকত উপস্থিত থাকে। সংসদৰ বৰ্ষাকালীন অধিৱেশন কাইলৈ আৰম্ভ হ’ব আৰু ২১ আগষ্টলৈ চলিব। অধিৱেশনত মুঠ ২১ দিন বৈঠক অনুষ্ঠিত হ’ব। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কয়, যে এই বৈঠক অতি গঠনমূলক আছিল আৰু সদনৰ নেতাসকলে বর্ষাকালীন অধিৱেশনত উত্থাপন কৰিব বিচৰা বিষয়সমূহ দাঙি ধৰে। চৰকাৰে বিৰোধী দলসমূহক সদনৰ কামকাজ নিয়াৰিকৈ চলাই নিয়াটো নিশ্চিত কৰিবলৈ অনুৰোধ জনায় বুলি শ্ৰী ৰিজিজুৱে উল্লেখ কৰে। চৰকাৰে সদনত অপাৰেচন সিন্দূৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহী বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।