ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ হ’ব আৰু ১২ আগষ্টত এই অধিবেশনৰ সামৰণি পৰিব। নতুন দিল্লীত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইকথা প্ৰকাশ কৰে। পেহেলগামৰ বৰ্বৰ সন্ত্রাসবাদী আক্ৰমণত ২৫ গৰাকী ভাৰতীয় এগৰাকী নেপালী নাগৰিকৰ মৃত্যুৰ প্ৰত্যাক্ৰমন স্বৰূপে আৰম্ভ কৰা অপাছেন সিন্দূৰৰ পাছত এয়া সংসদৰ প্ৰথমখন অধিবেশন হ’ব। অপাছেন সিন্দুৰৰ জৰিয়তে সশস্ত্র বাহিনীসমূহ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিমসূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল । ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ দলসমূহে অপাছেন সিন্দূৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে সংসদৰ বিশেষ অধিবেশন আহ্বান কৰিবলৈ দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।