ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 17, 2024 10:02 AM | All Party Meet

printer

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিবেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব। কেন্দ্রীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ’ব। এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ’ব বুলি প্ৰকাশ কৰিছিল ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।