সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ধ্বনি দি পুনৰ সদনৰ মাজ মজিয়ালৈ উঠি যায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংসদসকলৰ এনে ব্যৱহাৰত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সদনত কাৰ্যক্ৰমণিকা পৰামৰ্শদাতা সমিতিৰ বৈঠকত ৰাষ্ট্ৰীয় খেল প্রশাসন বিধেয়ক ২০২৫ আৰু ৰাষ্ট্ৰীয় ডপিং প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৫ সম্পৰ্কে আলোচনাৰ বাবে সময় ধাৰ্য কৰা হৈছিল। তেওঁ এই বিধেয়কক খেল আৰু খেলুৱৈসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ কয়, যে বিৰোধী সাংসদসকলে সদনত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা আৰু কাম-কাজ ব্যাহত কৰা উচিত নহয়। সুপ্ৰশাসনৰ জৰিয়তে ক্রীড়া ক্ষেত্ৰৰ পৰিবেশ উন্নত আৰু শক্তিশালী হৈ উঠিব। তেওঁ সদনক বিধেয়ককেইখন সন্দৰ্ভত আলোচনা আৰু গ্ৰহণৰ বাবে বিবেচনা কৰিবলৈ আহ্বান জনায়। ভাৰতে ২০৩৬ চনত অলিম্পিকৰ আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত এই বিধেয়ক কেইখন অতি গুৰুত্বপূৰ্ণ বুলি সেই সময়ত সদন পৰিচালনা কৰা সদসগৰাকীয়ে উল্লেখ কৰে। তেওঁ বিৰোধী সদস্যসকলক নিজৰ আসনলৈ উভতি যোৱাৰ লগতে সদনত সূচাৰুৰূপে বিধেয়ককেইখন সন্দৰ্ভত আলোচনা কৰিবলৈ আহ্বান জনায়। সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বর্ষাকালীন অধিবেশনৰ তৃতীয়টো সপ্তাহতো সাংসদসকলৰ বিৰোধিতাৰ বাবে এখনো বিধেয়ক গৃহীত কৰিব পৰা হোৱা নাই বুলি উল্লেখ কৰে। তেওঁ লগতে কংগ্ৰেছৰ সাংসদ আৰ সুধাৰ ডিঙিৰ চেইন টনা ঘটনাটো অধ্যক্ষ ওম বিৰলাই গুৰুত্ব সহকাৰে লৈছে বুলিও সদনত জনায়। তেওঁ কয় যে দিল্লী আৰক্ষীক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। হুলস্থুলীয়া পৰিবেশ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে পাছত সদন দিনটোৰ বাবে স্থগিত কৰে। ইয়াৰ পূৰ্বে দিনৰ এঘাৰ বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰীবিৰলাই বিৰোধী সাংসদসকলক সংসদৰ কাৰ্যক্ৰমণিকা ব্যাহত নকৰি আলোচনাত অংশ ল’বলৈ বাৰে বাৰে অনুৰোধ জনায়। তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে সংসদৰ কাম-কাজ ব্যাহত কৰা কাৰ্য সুস্থ চিন্তাৰ পৰিচায়ক নহয় বুলি কোৱাৰ লগতে গণতন্ত্ৰৰ বাবে এয়া এটা অশুভ লক্ষণ বুলিও উল্লেখ কৰে। সদনৰ ভিতৰত প্লে কাৰ্ড আৰু বেনাৰ আদি প্ৰদৰ্শন কৰা কাৰ্য সংসদীয় নীতি নিয়ম বিৰুদ্ধ ব্যৱহাৰ বুলিও তেওঁ কয়। হুলস্থুলীয়া পৰিবেশৰ মাজতে শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই চৰকাৰী খণ্ডৰ কোম্পানীসমূহত নিয়োগ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়ে।
দিনৰ এঘাৰ বজাত ৰাজসভা মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সাংসদ, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাতা শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে শিবু চোৰেণক এজন জ্যেষ্ঠ আৰু আগশাৰীৰ জনজাতীয় নেতা বুলি উল্লেখ কৰি জনজাতীয় সমাজৰ অধিকাৰ আৰু উত্থানৰ বাবে তেঁও উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে। তেঁও কয় যে চোৰেণে তেওঁৰ সমগ্ৰ জীৱনজুৰি অনগ্ৰসৰ লোকৰ কল্যান আৰু অধিকাৰৰ বাবে কাম কৰি গৈছিল। উপ সভাপতিগৰাকীয়ে লগতে শিবু চোৰেণ লোকসভালৈ ৮ বাৰ নিৰ্বাচিত হোৱাৰ উপৰি ৩ বাৰকৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আছিল বুলিও উল্লেখ কৰে। শিবু চোৰেণে ঝাৰখণ্ড ৰাজ্য গঠনৰ আন্দোলনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ পাছত দিনটোৰ বাবে সদন স্থগিত হোৱাৰ পূৰ্বে প্ৰয়াত চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদনত কিছুসময়ৰ বাবে মৌনতা অৱলম্বন কৰা হয়৷
Site Admin | August 4, 2025 8:20 PM | Akashvani News | Loksabha | parliament | Parliament Session | Rajya Sabha
সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত
