ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্ৰী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যৰ বিৰোধিতা কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদত কিছু সদস্যই সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ জগদীপ ধনখড়ে গৃহমন্ত্ৰীৰ মন্তব্য আৰু অন্যান্য বিষয় লৈ বিৰোধী দলৰ সাংসদসকলৰ স্থগিতকৰণৰ প্ৰস্তাৱ খাৰিজ কৰে । কংগ্ৰেছ, ডি এম কে, আৰ জে দি, আম আদমী পাৰ্টী আৰু অন্য দলৰ সাংসদসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰি শ্ল’গান দিবলৈ ধৰে। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখে।