ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিৰোধী পক্ষ্যৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ গৈ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ আলোচনাৰ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান দি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলৰ সাংসদসকলে অব্যাহত ৰখা প্ৰতিবাদৰ বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰি কয় যে সাংবিধানিক আৰু সংসদীয় কাৰ্যক্ৰমণিকা আৰু নীতি অনুসৰি প্রতিটো বিষয়তেই আলোচনাৰ বাবে চৰকাৰ সাজু আছে। তেওঁ কয় যে বিহাৰৰ এই বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। সেয়েহে এই সন্দৰ্ভত আলোচনা কৰিব নোৱাৰি। তেওঁ কয় যে. এই বিষয়টো সদনত আলোচনা কৰা মানেই নিয়ম অমান্য কৰা হ’ব। শ্ৰীৰিজিজুৱে সজোৰে কয় যে নিয়ম অনুসৰি নিৰ্বাচন আয়োগৰ লেখিয়া স্বায়ত্ত শাসিত সংস্থাসমূহ সন্দৰ্ভত আলোচনা কৰিব নোৱাৰি। তেওঁ প্ৰতিবাদৰত সাংসদসকলক সদনৰ কাম-কাজ নিয়াৰিকৈ চলাৰ বাবে আহ্বান জনায়, যাতে তালিকাভুক্ত গুৰুত্বপূৰ্ণ বিধেয়কসমূহ উত্থাপন কৰিব পৰা যায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক ২০২৪ গৃহীত হয়। হুলস্থূলীয়া পৰিবেশ অব্যাহত থকাত সেই সময়ত সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে দিনটোৰ বাবে সদন স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে, প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ বাবে মণিপুৰৰ আনুমানিক আয় আৰু ব্যয়ৰ প্ৰাকলন সদনত দাখিল কৰে। কেন্দ্ৰীয় ড০ জিতেন্দ্র সিঙেও ২০২৩-৩৪ বৰ্ষৰ বাবে কৰ্মযোগী ভাৰতৰ বার্ষিক প্রতিবেদন দাখিল কৰে। সেইসময়ত সদন পৰিচালনাৰ দায়িত্বত থকা দিলীপ শ‍ইকীয়াই শূন্যকালৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ একাংশ সাংসদ সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধবনি দিবলৈ ধৰে। শ্ৰী শ‍ইকীয়াই কয়, যে প্রতিদিনে সদনৰ কাম-কাজ বিঘ্নিত কৰা আৰু সদনৰ মজিয়ালৈ পোষ্টাৰ-প্লে কাৰ্ড লৈ অহাটো সঠিক নহয়। তেওঁ বিৰোধী পক্ষ্যৰ সদস্যসকলক ইতিবাচক ভূমকিা পালন কৰিবলৈ আৰু সদনৰ কাম-কাজ চলাই নিয়া সহযোগ কৰিবলৈ আহ্বান জনায়। সদনৰ কাৰ্যক্ৰমনিকা বিঘ্নিত কৰাৰ দৰে সদনৰ গৰিমা লাঘব কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী শ‍ইকীয়াই প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্রহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই যদিও তেওঁৰ চেষ্টা অথলে যায়। এনে পৰিস্থিতিৰ মাজতে তেওঁ সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষই ১৯৪৫ চনত জাপানৰ হিৰ’ছিমা আৰু নাগাছাকিত সংঘটিত পাৰমানৱিক বোমা বিষ্ফোৰণৰ বলি হোৱা লোকসকলৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে ৮০ বছৰ পূৰ্বে ১৯৪৫ চনত ৬ আৰু ৯ আগষ্টত হিৰ’ছিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমাৰে আক্ৰমণ চলোৱা হৈছিল। এই বিষ্ফোৰণত ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাইছিল আৰু অগণন লোক জীৱনলৈ ঘূণীয়া হৈছিল। শ্ৰী বিৰলাই পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ নাশ কৰিবলৈ আৰু গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰাৰ প্ৰতি সদনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সদনো এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মাৰ্থে কিছুসময় মৌনতা অৱলম্বন কৰে । ইয়াৰ পাছতে অধ্যক্ষই প্রশ্নোত্তৰ কালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সম্পর্কে আলোচনাৰ দাবী তুলি ধ্বনি দিবলৈ ধৰাত অধ্যক্ষই দিনৰ ১২ বজালৈ সদন স্থগিত ৰাখে।
ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ধৱ হয়। প্ৰথম বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে বিহাৰ আৰু আন বিষয় লৈ সদনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৫-২৬ বৰ্ষৰ বাবে মণিপুৰৰ আনুমানিক আয় আৰু ব্যয়ৰ প্ৰাকলন সদনত দাখিল কৰে। ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকার্জুন খার্গেই পইণ্ট অব অৰ্ডাৰযোগে বিষয়টো উত্থাপন কৰি কয় যে সকলোৰে বাবে নিয়ম একে হোৱা উচিত। তেওঁক প্ৰত্যুত্তৰ দি সদনৰ নেতা জে পি নাড্ডাই কয় যে যিসকলে সদনৰ কাম-কাজত বাধা প্ৰদান কৰে তেওঁলোকৰ পইণ্ট অব অৰ্ডাৰ উত্থাপন কৰাৰ অধিকাৰ নাই। ইয়াৰ পাছত সমুদ্র পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ গৃহীত হয়। ইয়াৰ পাছতে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয়।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সদনে কালি নতুন দিল্লীত দেহাৱসান ঘটা প্রাক্তন সদস্য সত্যপাল মালিকলৈ শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পাছতে উপসভাপতিগৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা ৩৫খন সভা স্থগিতকৰণৰ জাননী লাভ কৰা বুলি আৰু বিভিন্ন নিয়মৰ দোহাই দি জাননীসমূহ প্রত্যাখ্যান কৰা বুলি ঘোষণা কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে নিজৰ নিজৰ বিষয় উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হৰিংশে কয়, যে শূন্যকালত কেইবাগৰাকীও সদস্যই ৰাজহুৱা গুৰুত্বৰ বিষয় উত্থাপন কৰিব বিচাৰিছে আৰু সদনৰ কাম-কাজ বিঘ্নিত কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত উপসভাপতিয়ে সদনৰ কাক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।