সংযুক্ত আৰৱ-আমিৰি ৰাষ্ট্ৰ-UAEৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্দুল্লা-বিন-জায়েদ-আল্-নাহায়েনক দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে -UAEৰ সৈতে কৌশলগত অংশীদাৰিত্ব, ব্যৱসায়িক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । অৰ্থনীতিৰ ক্রমবর্ধিত ডিজিটেলাইজেচন আৰু নতুন বিত্তীয় সামগ্ৰীৰ উত্থানৰ লগে লগে বিশ্বজুৰি দেশসমূহে সময়মতে তথ্য বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা কৰিব লাগিব আৰু একেই সময়তে কৰ ব্যৱস্থাত স্বচ্ছতা আৰু জনসাধাৰণৰ আস্থা অটুট ৰাখিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক গোলকীয় পূর্ণাংগ বৈঠকৰ মঞ্চত ভাষণ দি কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয়, যে কৰ ব্যৱস্থাত স্বচ্ছতাৰ বিষয়টো ভাৰতৰ প্রশাসনিক সংস্কাৰৰ ঊৰ্ধত প্ৰতিফলিত হৈছে।
Site Admin | December 2, 2025 8:46 PM | Jaysankar
সংযুক্ত আৰৱ আমিৰিৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ উপ-প্রধানমন্ত্রীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ শুভেচ্ছা