ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰিছে। শ্রীমতী মুৰ্মুৱে কয় যে বাবা চাহেব আম্বেদকাৰ এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক আছিল। তেওঁ একেৰাহে অর্থনীতিবিদ, শিক্ষাবিদ হোৱাৰ লগতে এগৰাকী মহান সমাজ সংস্কাৰক আছিল বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ড০ আম্বেদকাৰে মহিলা আৰু বঞ্চিত শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ হকে জীৱনজুৰি প্ৰচেষ্টা চলাইছিল। শ্ৰীমতী মুৰ্মুৱে কয় যে ড০ আম্বেদকাৰে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু সবলীকৰণৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি অভিহিত কৰিছিল। বিভিন্ন ক্ষেত্ৰত আম্বেদকাৰে আগবঢ়োৱা বৰঙণিয়ে দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি অহাৰ লগতে ভৱিষ্যত প্রজন্মকো ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি শ্রীমতী মুৰ্মুৱে লগতে কয়। সামাজিক সম্প্ৰীতি আৰু সমতা স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আম্বেদকাৰৰ জীৱন আৰু কৰ্মক আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।