ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2024 8:45 PM | Rajnath Singh

printer

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠাৰ বাবে কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দৃঢ় মত প্ৰকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে কংগ্ৰেছ দলে জনোৱা দাবীৰ বিৰুদ্ধে দৃঢ় মত প্ৰকাশ কৰি কয় যে, বিজেপি দল ক্ষমতাত থকালৈকে এই অনুচ্ছেদ পুনৰ প্ৰতিষ্ঠা কৰা নহ’ব। মন্ত্ৰীগৰাকীয়ে দলটোৰ নেতৃত্বত জম্মু-কাশ্মীৰত পৰিলক্ষিত হোৱা শেহতীয়া অগ্রগতি সন্দৰ্ভত আলোকপাত কৰাৰ লগতে অঞ্চলটোৰ সাম্প্ৰতিক অৱস্থা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰামবান জিলাত আয়োজিত এটা ৰেলীক সম্বোধন কৰি কয় যে, দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত নিৱদ্ধ হৈ আছে। ৩৫(এ) তথা ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত অঞ্চলটোত ভোটদানৰ হাৰ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ ফলত অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি হোৱা বুলি কংগ্ৰেছে অনা অভিযোগ নস্যাৎ‍ কৰি তেওঁ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত শান্তি প্রতিষ্ঠা কৰা বুলি উল্লেখ কৰে। সন্ত্ৰাসবাদৰ বাবে পূৰ্বে জনাজাত জম্মু-কাশ্মীৰ সম্প্ৰতি পৰ্য্যটন তথা বিকাশৰ বাবে বিখ্যাত হৈ পৰা বুলি তেওঁ প্ৰকাশ কৰে । অঞ্চলটোৰ জনসাধাৰণৰ বিকাশ আৰু নিৰাপত্তা অটুট থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিৰ নীতিসমূহে জম্মু-কাশ্মীৰত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাটো নিশ্চিত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।