ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে

■ একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সতৰ্ক প্ৰহৰীৰ মূল ভূমিকাৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চম স্তম্ভৰ প্ৰয়োজন হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্যা হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব্যুৰো ছীফ সুশান্ত তালুকদাৰে কয়, যে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰ সলনি হোৱাৰ লগে লগে সাংবাদিকতাৰ ধাৰাও সলনি হৈছে।
তেজপুৰৰ মহাজাতি আৰু অগ্নিগড় কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক অঞ্জন গোস্বামীয়ে কয় যে সাম্প্রতিক সময়ত বহু সংবাদ মাধ্যমে গণতন্ত্ৰৰ সতৰ্ক প্ৰহৰী হ’ব পৰা নাই ৷
জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে অনুষ্ঠানটোত কয়, যে বহু সংবাদ মাধ্যমে পূৰ্বৰ বিশ্বাসযোগ্যতা হেৰুওৱা হেতুকে বিকল্প আৰু বিশ্বাসযোগ্য শক্তিশালী মাধ্যমৰ প্ৰয়োজন আহি পৰিছে।
স্তম্ভলেখক শংকৰ শ‍ইকীয়াইও অনুষ্ঠানটোত অনুৰূপ মত প্ৰকাশ কৰি চতুৰ্থ স্তম্ভই সতৰ্ক প্ৰহৰীৰ ভূমিকা পালনত অপাৰগ হোৱা হেতুকে ৰাইজে নিজেই নিজৰ বাবে পঞ্চম স্তম্ভ নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে।
এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।