ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 14, 2024 12:11 PM | PM Modi

printer

সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিতঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত। পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্রীমোদীয়ে কয় যে, গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়ষী প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায় কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী ২৫ বছৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাত বাতৰিকাকত আৰু আলোচনীসমূহৰ ভূমিকাত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে, সংবাদমাধ্যমে জনসাধাৰণক তেওঁলোকৰ শক্তিৰ বিষয়ে সজাগ কৰি তোলে। মুম্বাইৰ বান্দ্ৰা কুর্লা চৌহদত কালি আই এছ টাৱাৰ মুকলি কৰাৰ পাছত এটা সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, যিহেতু সম্প্ৰতি প্ৰায়বোৰ সংবাদগোষ্ঠীৰে ডিজিটীয় সংস্কৰণ উপলভ্য সেয়েহে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ভাষাৰ সংস্কৰণ প্ৰৱৰ্তন কৰি ভাৰতীয় প্ৰেক্ষাপটক গোলকীয় পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰা উচিত। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ, মুখ্যমন্ত্রী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিচ, অজিত পাৱাৰ আৰু আই এন এছৰ অধ্যক্ষ ৰাকেশ শর্মা উপস্থিত থাকে। বান্দ্রা কুর্লা চৌহদস্থিত আই এন এছ সচিবালয়ত সংবাদ মাধ্যম আৰু ডাঙৰ প্ৰশাসন গোষ্ঠীসমূহক কাৰ্যালয় আৱণ্টন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।