বৰ্তমান ৰাজ্যৰ এটা প্ৰধান সমস্যা হৈছে, বান্দৰ বিভীষিকা। উজনিৰ পৰা নামনিলৈ চহৰ-নগৰ সকলোতে বান্দৰৰ উপদ্ৰৱে জনতাক ত্রাহি মধুসুদন সোঁৱৰাইছে। কপিকুলে খেতি তহিলং কৰাৰ ফলস্বৰূপে জনতাৰ অৰ্থনীতিও বিপৰ্য্যস্ত হৈছে। বিভিন্ন সময়ত ৰাইজে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিছে যদিও এই পর্যন্ত সুফল লাভ কৰা নাই। এই সমস্যা সম্পর্কে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত বিশেষভাৱে আলোকপাত কৰা হ’ব। অনুষ্ঠানত যোৰহাট, নগাঁও আৰু বজালী জিলাৰ ভুক্তভোগীয়ে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।
Site Admin | October 5, 2025 12:11 PM | Monkey harassment
সংবাদ চলন্তিকাত আজি বৰ্তমান ৰাজ্যত বান্দৰ বিভীষিকাৰ বিষয়ে আলোকপাত