October 12, 2025 12:13 PM | SANGBAD SALANTIKA

printer

সংবাদ চলন্তিকাত আজি বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থাসমূহৰ জনসেবাৰ প্ৰতি নেতিবাচক আৰু ইতিবাচক সেৱা সম্পৰ্কীয় আলোচনা

সাম্প্রতিক সময়ত স্বেচ্ছাসেবী সংস্থা বা এন জি অ সম্পর্কত বহু নেতিবাচক কথা চর্চালৈ আহিছে। কিন্তু একে সময়তে বহু বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থা নিৰৱচ্ছিন্নভাবে জনসেবাত ব্রতী হৈ আছে। আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত আপোনালোকে লগ পাব গুৱাহাটীৰ পথিক নামৰ স্বেচ্ছাসেবী সংগঠন আৰু মঙলদৈৰ ক্রিষ্টল ভিজনৰ নামৰ স্বেচ্ছাসেবী সংগঠন দুটাক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীব লোচন বৰঠাকুৰৰ।