সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্বঃ বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

ভাৰতে বাংলাদেশক হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ উপাসনা স্থলীসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত কয়, যে সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্ব। বিগত কেইটামান মাহৰ ভিতৰত চুবুৰীয়া ৰাষ্ট্ৰখনৰ হিন্দু মন্দিৰ আৰু মূৰ্তি লণ্ড-ভণ্ড কৰাৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। শ্ৰী সিঙে কয়, যে ভাৰতে এইবাৰ দুৰ্গাপূজাৰ সময়ত ঢাকাৰ তাঁন্তি বাজাৰৰ পূজা মণ্ডপৰ ওপৰত হোৱা আক্ৰমণ আৰু শতখিৰাৰ যেছোৰেশ্বৰী কালী মন্দিৰৰ চুৰি কাণ্ডকে ধৰি এনে ধৰণৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।