ষ্টার্ট আপ ইণ্ডিয়া অভিযানে সমগ্র দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্র ১০ বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। ষ্টার্ট আপ ইন্ডিয়া অভিযানৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্টার্ট আপ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে সম্প্রতি ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্ট আপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। দেশৰ যুৱ প্ৰজন্মই বাস্তৱিক সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত ব্ৰতী হোৱা বুলি উল্লেখ কৰি শ্রীমোদীয়ে নতুন সপোন দেখিবলৈ সাহস দেখুওৱা যুব উদ্ভাৱকসকলক ভূয়সী প্রশংসা কৰে। ৰাষ্ট্ৰীয় স্টার্ট আপ দিবস উপলক্ষে হোৱা স্টার্ট আপ প্রতিষ্ঠাপক আৰু উদ্ভাৱকসকলৰ সমাবেশে নতুন আৰু দ্রুত বিকাশশীল ভাৰতৰ ভবিষ্যতকে প্রতিফলিত কৰিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে।
প্রধানমন্ত্রীয়ে কয় যে এটা দশক পূর্বে ভাৰতত ৫০০তকৈও কম স্টার্ট আপ প্রতিষ্ঠান আছিল আৰু সম্প্রতি দেশত স্টার্ট আপৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিছে। তেওঁ কয় যে ২০১৪ চনত দেশত মাত্ৰ চাৰিটা ইউনিকর্ণ অর্থাৎ ১০০ কোটি ডলাৰ মূল্যৰ ষ্টার্ট আপ প্রতিষ্ঠান আছিল আৰু সম্প্রতি ১২৫টা অধিক ইউনিকর্ণ সক্রিয় হৈ আছে। এই স্টার্ট আপ খণ্ডৰ অভূতপূর্ব বিকাশে বিশ্বৰ মনোযোগ আকর্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয় যে মহিলাৰ নেতৃত্বৰ স্টার্ট আপ প্রতিষ্ঠানলৈ পুঁজি যোগানৰ দিশৰ পৰা ভাৰত দ্বিতীয় সর্ববৃহৎ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে আৰু স্টার্ট আপ খণ্ডৰ এই বিকাশ দেশৰ সম্ভাৱনাকে সূচাইছে। তেওঁ কয় যে স্টার্ট আপ ইন্ডিয়া অকল এখন আঁচনিয়েই নহয়, বৰং ইন্দ্ৰধনুৰ দৰে সাতোৰঙী দৃষ্টিভংগী আৰু এই দৃষ্টিভংগীয়ে বিভিন্ন ক্ষেত্ৰত নতুন সুযোগৰ সৈতে সংযুক্ত হ’বলৈ সমর্থ হৈছে।
প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় স্টার্ট দিবস উপলক্ষে আয়োজিত প্রদর্শনস্থলীও পৰিদৰ্শন কৰে আৰু প্ৰদৰ্শনকাৰীসকলৰ সৈতে মত-বিনিময় কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কয় যে যোৱা দশকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ষ্টার্ট আপ ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। তেওঁ কয় যে ২০১৬ চনত দেশত মাত্র ৪০০টা ষ্টার্ট আপ প্রতিষ্ঠান আছিল আৰু সম্প্রতি এই প্ৰতিষ্ঠানৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিছে।
উল্লেখযোগ্য যে, প্রধানমন্ত্রী মোদীয়ে উদ্ভাবন, উদ্যমশীলতাৰ প্ৰসাৰ আৰু বিনিয়োগ আধাৰিত বিকাশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০১৬চনৰ ১৬ জানুৱাৰীত স্টার্ট আপ ইণ্ডিয়া উদ্যম মুকলি কৰিছিল। ভাৰতবৰ্ষক চাকৰি প্ৰত্যাশীৰ পৰিৱৰ্তে কর্মসংস্থাপনৰ সুযোগ সৃষ্টিকাৰী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাই এই উদ্যমৰ মূল উদ্দেশ্য।
বিগত দশকত ষ্টার্টআপ ইণ্ডিয়া ভাৰতৰ অৰ্থনৈতিক আৰু উদ্ভাবনমূলক পৰিকাঠামোৰ মূল ভেটি ৰূপে পৰিগণিত হৈছে। এই উদ্যমে প্রতিষ্ঠানগত ব্যৱস্থা সবল কৰি তুলিছে আৰু পুঁজি তথা দিকনির্দেশনা লাভৰ প্ৰক্ৰিয়া সুগম কৰি তুলিছে।