ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 28, 2025 8:47 PM | Durga Puja 2025

printer

ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠাৰে শাৰদীয় দুর্গা পূজা আৰম্ভ

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি- নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হৈছে। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় পূজাৰ উৎসাহ স্তিমিত হৈ আছে৷ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখন শোকাছন্ন হৈ থকাৰ মাজতে জনসাধাৰণে পৰম্পৰা বৰ্তাই ৰাখি দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিছে। ইতিহাসপ্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথমদিনাৰে পৰা আড়ম্বৰহীনভাৱে যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উপলক্ষে দিয়া বাৰ্তাত প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজ্যৰ জনসাধাৰণ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰি সমাজখনত শান্তি স্থাপনৰ বাবে দেৱীৰ আশীষ বিচাৰে। তেওঁ শাৰদীয় পূজাৰ ক্ষণত ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
গুৱাহাটী মহানগৰীত পাঁচ শতাধিক পূজা অনুষ্ঠিত হৈছে। শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্রসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে।
ডিব্ৰুগড় জিলাত জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি- নীতিৰে পূজা-অৰ্চনাৰ কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ পৰম্পৰাগতভাৱে পালন কৰা হৈছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তিত আজি প্ৰাণ প্রতিষ্ঠা কৰা হৈছে। হোজাই জিলাৰ বিভিন্ন প্ৰান্তত আড়ম্বৰবিহীনভাৱে এইবাৰ পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাত আৰক্ষীয়ে দুৰ্গা পূজাৰ সময়ছোৱাত জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে শিলচৰ চহৰৰ ৰাজপথত আজি অনুশীলন চলায়। ধেমাজি জিলাত মাংগলিক ৰীতি-নীতিৰে আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠাৰে শাৰদীয় পূজা আৰম্ভ হৈছে। জিলাখনৰ জোনাই সার্বজনীন দুর্গা পূজা সমিতিয়ে প্রিয় শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষ মণ্ডপ সাজি উলিয়াইছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমজিলাত শাৰদীয় দুর্গা পূজা পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত আজি ষষ্ঠী উপলক্ষে পূজাৰ বেদীত দেৱী প্ৰতিমা স্থাপন কৰি শক্তিৰূপিনী দেৱীৰ আৰাধনা কৰা হয়। জিলাখনত ১৪৩ খন ঠাইত এইবেলি দুর্গাপূজা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ জয়ভূম কামাখ্যা মন্দিৰ, টুক্ৰেশ্বৰী দেৱালয়, লক্ষীপুৰ, দুধনৈ, ৰংজুলি, আগিয়াকে ধৰি বিভিন্ন অঞ্চলত জাক-জমকতা অবিহনেই পূজা অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ বিভিন্ন পূজা মণ্ডপত আজি ধর্মধবজা উত্তোলনেৰে শাৰদীয় পূজাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হৈছে। বাক্সা জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী কুজিদেওৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ ৰূপহীত বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকে পূজাত অংশ লৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিঙিমাৰী, ফুলবাৰী আদিত আজি পুৱাতেই দেৱী প্ৰতিমাসমূহ প্ৰতিষ্ঠা কৰা হয়। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত পূজা মণ্ডপসমূহত সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজিৰেপৰা শাৰদীয় দুর্গাপূজা পালন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।