ষট পূজা উপলক্ষে দেশবাসীক ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ ওলগ

দেশৰ বিভিন্ন অংশত কালিৰে পৰা চাৰিদিনীয়াকৈ ষট মহাপর্ব অনুষ্ঠিত হৈছে। কালি “নহাই-খাই” অনুষ্ঠানেৰে এই উৎসৱৰ আৰম্ভণি হয়। আজি দ্বিতীয় দিনা খৰনা পূজা সম্পন্ন কৰা হ’ব। প্ৰকৃতিৰ পূজা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক সূৰ্য দেৱতাৰ নামত এই উৎসৱ উচৰ্গা কৰা হয়। ভক্তসকলে আজি সূর্যাস্তৰ পাছত খৰনা প্ৰসাদ গ্রহণ কৰি পানী নোহোৱাকৈ ৩৬ ঘণ্টীয়া উপবাস আৰম্ভ কৰিছে। কাইলৈ নদী বা জলভাগত অৱস্থিত ষট ঘাটত অস্তগামী সূর্যক অর্ঘ্য প্ৰদান কৰা হ’ব। পৰহিলৈ ভক্তসকলে উদিত সূর্যক অর্ঘ্য আগবঢ়াব আৰু চাৰিদিনীয়া ছঠ উৎসৱৰ সামৰণি পৰিব। ঘট উৎসৱ উপলক্ষ্যে ৰাঁচীৰ সূৰ্য্য মন্দিৰ সজাই তোলা হৈছে। ইয়াৰ স্বৰ্ণৰেখা নদীৰ ঘাটত ভক্তসকলে সূর্য দেৱতাক পূজা কৰে। এই উৎসৱৰ প্ৰস্তুতিৰ বাবে বজাৰসমূহত স্থানীয় সামগ্ৰীৰে ভৰি পৰিছে। ষট পূজাত ব্যৱহৃত ফল মূল, মাটিৰ পাত্ৰ আৰু অন্যান্য সামগ্রী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতা ওপৰা লাগিছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ষট পূজা উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি দিয়া এটা বার্তাত কয় যে ষট পূজা ভক্তসকলে সূৰ্য্যৰ আৰাধনা কৰে আৰু অৰ্ঘ্য তর্পন কৰে। তেওঁ কয় যে এই উৎসৱত ভক্তসকলে নদী আৰু পুখুৰীত পূজা কৰি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে আৰু নিজৰ পৰিয়ালৰ সমৃদ্ধি কামনা কৰে। এই উৎসবে পৰিষ্কাৰ পৰিচ্চন্নতা আৰু পৰিবেশ সংৰক্ষণৰ বাৰ্তা বহন কৰে বুলি শ্রীমতী মুৰ্মুৱে প্রকাশ কৰে। তেওঁ লগতে সকলোৰে সুখ সমৃদ্ধি কামনা কৰে।