ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শৰীৰ আৰু মনৰ বাবে অকল যোগাভ্যাসেই নহয়, বৰং শ্রীঅন্নৰূপে জনাজাত মিলেটৰ লেখীয়া শক্তিদায়ক খাদ্যও জৰুৰীঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁও পঞ্চায়তৰ মুৰব্বীসকলক যোগাভ্যাস আৰু মিলেটৰ বিষয়ে সজাগতা সৃষ্টি কৰি সৰ্বাত্মক স্বাস্থ্যৰ বিষয়টো গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। গাঁও পঞ্চায়তসমূহলৈ লিখা এখন পত্ৰত শ্ৰী মোদীয়ে কৈছে যে পঞ্চায়ত চৌহদ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু এনেধৰণৰ আন স্থানত যোগ আধাৰিত কাৰ্যসূচীৰ আয়োজন কৰি জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক দুঃশ্চিন্তামুক্ত জীৱনশৈলী আঁকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰিব পাৰি। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গাঁও পঞ্চায়তসমূহৰ সকলো বাসিন্দালৈ অভিনন্দন জনাই শ্রী মোদীয়ে কয় যে এই দিৱসে যোগাভ্যাসৰ গোলকীয় প্ৰভাৱ আৰু জনসাধাৰণৰ ওপৰত যোগাভ্যাসৰ ইতিবাচক প্ৰভাৱৰ কথাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কয় যে এইবাৰৰ যোগ দিৱসৰ নিজৰ লগতে সমাজৰ বাবে যোগ বিষয়বস্তুৱে চৰকাৰৰ সুস্থ ৰাষ্ট্ৰ গঠনৰ প্রয়াস শক্তিশালী কৰি তুলিব। প্রধানমন্ত্রীয়ে লগতে যোগাভ্যাসক সৰ্বাত্মক স্বাস্থ্য আৰু কল্যাণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰি অহা দেশৰ পুৰণি প্রাচীন সংস্কৃতিৰ উপহাৰ বুলি অভিহিত কৰে। যোগাভ্যাসে শৰীৰ আৰু মনক শক্তিশালী কৰি তোলে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে শৰীৰ আৰু মনৰ বাবে অকল যোগাভ্যাসেই নহয়, বৰং শ্রীঅন্নৰূপে জনাজাত মিলেটৰ লেখীয়া শক্তিদায়ক খাদ্যও জৰুৰী।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।