শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গতিৰে চলি থকা কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০২৩ চনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ক্রীড়া বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। ৫৬ কোটি ৬২ লাখ টকাৰো অধিক ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ক্রীড়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰে জড়িত বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ পৰা ৰাজ্যপালগৰাকীয়ে অগ্ৰগতিৰ বুজ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।