শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা

মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ মোৱামৰীয়া গুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি এই কথা সদৰি কৰে। কাইলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় মহাবিদ্যালয় বন্ধ থাকিব। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্রার্থী বাছনিৰ সাক্ষাৎকাৰ, নিৰ্বাচনী প্ৰশিক্ষণ আৰু জৰুৰী সেৱাসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।