ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ

গোলাঘাট জিলাৰ বোকাখাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান শ্ৰীশ্ৰীযোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বর্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। উদ্যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৬৬ চনতে স্থাপিত বোকাখাটৰ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। আজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতি তৰ্পন, মহাবিদ্যালয় চৌহদৰ ভিতৰতে সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লি ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।