মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰে। ড০ শৰ্মাই শ্ৰীশ্ৰী শংকৰদেৱ থান, দেৱ দামোদৰ গুৰুৰ আদিধাম, চূণপোৰা ভিঠি থানত সেৱা আগবঢ়োৱাৰ উপৰি ইয়াৰ সৈতে জড়িত বহুকেইটা সৌন্দর্যবর্ধন আৰু উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰপেটাত পৰ্যটন আৰু তীর্থ ভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল আন্তঃগাঁথনিৰে নিয়োগ আৰু ৰাজহ সৃষ্টিৰ ক্ষেত্ৰত এই প্রকল্পসমূহে বিশেষভাৱে অৰিহণা যোগাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি দৌল উৎসৱ উপলক্ষে বটদ্ৰৱা থানলৈও যায়। তাত তেওঁ ভক্তসকলৰ সৈতে নাগাৰা নাম পৰিৱেশত যোগ দিয়াৰ লগতে দৌল উৎসৱত ভাগ লয়। তেওঁ লগতে বৰপেটাৰ অনুপম হোলী গীত পৰিৱেশনো উপভোগ কৰে। কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কয়, যে ৰাজ্য চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ লগত জড়িত প্ৰতিখন সত্ৰ আৰু থানৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক আজি বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাসৰ উপৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সংগ দিয়ে।
Site Admin | March 14, 2025 7:53 PM | CM in Barpeta District
শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন
