ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেওবাৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্ৰীদিশানায়কেৰ প্ৰথম ভ্রমণ হ’ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। মুখপাত্ৰগৰাকীয়ে কয়, যে শ্রীদিশানায়কে দিল্লীত হ’বলগীয়া এটা ব্যৱসায় অনুষ্ঠানত ভাগ ল’ব আৰু বুদ্ধগয়ালৈও যাব।