December 27, 2025 12:32 PM | Women T-20 Cricket

printer

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা দখল

ক্রমাগত তৃতীয়খন খেলতো জয়লাভ কৰি ভাৰতৰ মহিলা ক্রিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰাটো সুনিশ্চিত কৰিছে। পাঁচখনীয়া শৃংখলাৰ কালি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় খেলখনত ভাৰতে ৮ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বৰ খেল দুখনত ভাৰত ক্ৰমে ৮ আৰু ৭ উইকেটত জয়ী হৈছিল। কালি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰা শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১১২ ৰান কৰে। প্ৰত্যুত্তৰত ছেফালী বাৰ্মাৰ ৪২টা বলত কৰা ৭৯ ৰানৰ বেটিং পৰাক্ৰমৰ সহায়ত ১৩ অভাৰত আৰু দুটা বলত দুটা উইকেট হেৰুৱাই ভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হয়। খেলখনত ৪টা উইকেট লাভ কৰা ভাৰতৰ ৰেণুকা সিং ঠাকুৰক শ্রেষ্ঠ খেলুৱৈৰূপে নিৰ্বাচন কৰা হয়।