শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ’ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত ভালেমান বিষয়ে আলোচনা কৰিবলৈ ভাৰতৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ এটা টেলিভিছন চেনেলে আয়োজন কৰা এখন সন্মিলনতো ভাষণ দিব। শ্রীলংকাৰ প্ৰধানমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰালয়ৰো দায়িত্বত থকা শ্ৰীঅমৰাছুৰিয়াই শিক্ষা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাৰ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ দিল্লীত থকা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান আৰু নীটি আয়োগো ভ্ৰমণ কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ প্রাক্তন ছাত্রী হিচাপে প্রধানমন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনো পৰিদৰ্শন কৰাৰ কথা আছে। ইয়াৰ লগতে প্রধানমন্ত্ৰীগৰাকীয়ে উভয় দেশৰ ব্যৱসায়িক আৰু বাণিজ্যিক সম্পর্ক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যৱসায় সম্বন্ধীয় এটা অনুষ্ঠানতো উপস্থিত থাকিব।
Site Admin | October 16, 2025 10:01 AM | srilanka pm india
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত